July 13, 2025 8:15 PM

views 12

ভোটদাতাৰ তালিকা বড়ো ভাষাত প্ৰকাশ কৰাৰ বাবে এবছুৰ দাবী উত্থাপন

বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্র সন্থা-এবছুৱে দাবী উত্থাপন কৰিছে। অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ অনুসৰি এই ব্যৱস্থা লবলৈ সংগঠনটোৱে দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ বডোফা নগৰত আয়োজিত এখন সংবাদমেলত এবছুৰ সভাপতি দীপেন বড়োৱে এই আহ্বান জনায়। তেওঁলোকে বিটিআৰৰ উপৰি বড়ো জনগোষ্ঠীৰ বসতিপ্রধান অঞ্চলসমূহৰ চৰকাৰী কাম-কাজৰ বড়ো ভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। শ্রীবড়োৱে কয় যে অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ৰ ...