ভেল’ৰ’ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্দিৰ দৰ্শন

ভেল’ৰ’ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি মন্দিৰটো দৰ্শন কৰে। তাত সমবেত লোকসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বিশেষ স্বৰ্ণ মন্দিৰ হৈছে দেশৰ দুটা স্বৰ্ণ মন্দিৰৰ অন্যতম। এই মন্দিৰৰ চৌহদ কেৱল উপাসনাস্থলীয়ে নহয়, বৰং মানৱ সেৱাৰ স্থান বুলিও শ্ৰীৰাধাকৃষ্ণণে উল্লেখ কৰে। সমাজৰ উপকাৰৰ অৰ্থে মন্দিৰ প্ৰশাসনে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহক তেওঁ প্ৰশংসা কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান আৰু অন্যান্য নেতা উপস্থিত থাকে।

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি সন্ধিয়া চেন্নাইত নৱম সিদ্ধা দিৱস উদ্বোধন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।