ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচ বিহীনভাৱে অভিযান চলাই যাব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে আপোচ বিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি ওদালগুৰিত বিজয় সংকল্প সমাৱেশত অংশ লৈ ওভতি অহাৰ পথত দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত এখন দলীয় সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ ২৯ লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে আৰু এই ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে অভিযান চলাই যাব। এইক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ হৈ থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

ড° শৰ্মাই লগতে অহা ২৯ আগষ্টত গৃহমন্ত্রী অমিত শ্বাহে সম্বোধন কৰিবলগীয়া দলীয় পঞ্চায়ত প্রতিনিধিসকলৰ সভা আৰু ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলদৈত অংশ ল’বলগীয়া সভাৰ প্ৰস্তুতি সম্পর্কতো কালি আলোচনা কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী এই কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে।