ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভূমিৰ চৰকাৰী জৰীপ নোহোৱা বিশ্বনাথৰ জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ

■ বিশ্বনাথ জিলা প্রশাসনে আজি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ প্ৰশাসনে কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰিছিল। উচ্ছেদ অভিযানত ২০ খন বুলড’জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো চাৰিটা জনত ভাগ কৰা হৈছে । দুটা জ’নত একোজনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি ছজনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। প্ৰথম দিনাৰ উচ্ছেদ অভিযান আজি বিয়লি ৪ বজাত অন্ত কৰে। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ১৬৩ ধাৰা বলৱৎ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।