ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভুৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে বৰপেটা জিলা স্বাস্থ্য বিভাগৰ অভিযান

বৰপেটা জিলা স্বাস্থ্য বিভাগে আজি ভূৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান চলায়। বৰপেটা চহৰৰ সমীপৰ সনকুছি কলনি, হাউলী আৰু গৰৈমাৰীৰ ৩ খন দোকানত অভিযানকাৰী দল উপস্থিত হয়। অৱশ্যে দোকান কেইখন বন্ধ অৱস্থাত দলটোৱে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই বহুসংখ্যক ভুৱা চিকিৎসকে দাঁতৰ চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত কৰিছিল। ২৭ গৰাকী ভুৱা চিকিৎসকৰ তালিকা প্রস্তুত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ ভিত্তিতেই আজি অভিযান চলোৱা হয়।