■ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে’লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে’লৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত এঘাৰ বছৰত দেশত ৩৪ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰে’ল ষ্টেছনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয়, যে ৰে’ল সেৱাক সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি তোলাৰ লগতে এই সেৱাৰ উন্নয়ন, আধুনিকীকৰণ, সম্প্ৰসাৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ এহেজাৰ ৩০০ ষ্টেছনক উন্নত কৰি তোলাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এয়া হৈছে ষ্টেছন উন্নয়নৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ প্রকল্প।
কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়া আৰু নিমু বেন বমভানিয়াও এই অনুষ্ঠানত উপস্থিত আছিল। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সায়ে অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ৰে’লমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ বাবে কেতবোৰ নতুন ঘোষণা কৰে। সেই অনুসৰি পোৰবন্দৰ আৰু ৰাজকোটৰ মাজত নতুন ৰে’লসেৱা আৰম্ভ হ’ব। দীৰ্ঘদিনীয়া দাবী পুৰণ কৰি চাৰাদিয়া আৰু ভঙ্গজালিয়াৰ মাজত নতুন ৰে’লপথ নিৰ্মাণৰ কথা শ্রীবৈষ্ণৱে ঘোষণা কৰে । মন্ত্ৰীগৰাকীয়ে ভাৱনগৰ বন্দৰত নতুন মালবাহী টার্মিনেল স্থাপন কৰাৰ কথা ঘোষণা কৰে । তেওঁ ভাৱনগৰ আৰু চুৰাটৰ মাজত নতুন বন্দে ভাৰত ৰে’লগাড়ীৰ চলাচলৰো প্ৰতিশ্ৰুতি দিয়ে।
Site Admin | August 3, 2025 2:37 PM | Akashvani News | Ashwini Baisnav | Indian Railway | Indian Railway Dept.
ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ
