ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণণে কয় যে ভাৰত-তিববত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথমশাৰীত থিয় হৈ সেৱা আগবঢ়ায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত-তিববত সীমান্ত আৰক্ষীয়ে জন্ম লগ্নৰে পৰা নিজৰ সাহস, শৃংখলাবদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ সীমান্ত আৰু জনসাধাৰণক নিৰাপত্তা দি আহিছে। তেওঁ কয় যে এই আৰক্ষীসকলৰ অক্লান্ত পৰিশ্ৰম, মানৱতাৰ সেৱা আৰু তেওঁলোকৰ উচৰ্গাৰ মনোভাৱেৰে দেশক নিৰাপত্তা আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। ভাৰত-তিববত সীমান্ত আৰক্ষী বাহিনীৰ উৎকৃষ্ট সেৱা আৰু ত্যাগৰ মনোভাৱে দেশক আগুৱাই নিয়াৰ লগতে নিৰাপত্তা দিয়াটো সমৰ্থ হ’ব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।