ভাৰত আৰু ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰই ২০৩২ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ২০ হাজাৰ কোটিলৈ বৃদ্ধিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউনাইটেড আৰৱ আমিৰিৰ শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনাত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, মহাকাশ, শক্তি আৰু খাদ্য সুৰক্ষা খণ্ডত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰা হয়। বৈঠক সন্দৰ্ভত বিদেশ সচিব বিক্রম মিশ্রীয়ে সাংবাদিকৰ আগত কয়, যে দুয়োখন দেশৰ মাজত কৌশলগত প্ৰতিৰক্ষা সহযোগিতা বিষয়ত এখন পৰিকাঠামো চুক্তিৰ সমাপ্তিৰ বাবে উদ্দেশ্য পত্ৰত স্বাক্ষৰ কৰা হয়। তদুপৰি মহাকাশ আন্তঃগাঁথনিৰ বিকাশ আৰু ইয়াৰ বাণিজ্যিকীকৰণৰৰ বাবে যুটীয়া পদক্ষেপ সন্দৰ্ভত আন এখন উদ্দেশ্য পত্ৰতো স্বাক্ষৰ কৰা হয় বুলি শ্রীমিশ্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে দুয়োখন দেশে এইচ পি চি এল ইণ্ডিয়া আৰু এডন’ক গেছ ইউ এ ইৰ মাজত ক্রয়-বিক্রয়ৰ চুক্তিত স্বাক্ষৰ কৰে। গুজৰাটৰ ধুলেৰাত বিশেষ বিনিয়োগ খণ্ডৰ বিকাশত ইউনাইটেড আৰৱ আমিৰিৰ অংশীদাৰিত্ব বিষয়টো আন এখন উদ্দেশ্য পত্ৰত স্বাক্ষৰৰ কথা উল্লেখ কৰি শ্রীমিশ্ৰীয়ে কয়, যে এই বৃহৎ অংশীদাৰিত্বই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, পাইলট প্রশিক্ষণ বিদ্যালয়, স্মার্ট নগৰীয়া টাউনশ্বিপ, ৰে’লৱে যোগাযোগৰ সৈতে সম্পর্কিত প্ৰকল্প আৰু শক্তি আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব। দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক অসামৰিক পৰমাণু সহযোগিতাৰ প্ৰসাৰৰ বাবেও বৈঠকত সিদ্ধান্ত লয়।
Site Admin | January 20, 2026 11:22 AM | India UAE
ভাৰত-ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰৰ ২০৩২ চনৰ ভিতৰত ২০ হাজাৰ কোটিলৈ বৃদ্ধিত সন্মতি প্ৰকাশ