January 20, 2026 11:22 AM

views 21

ভাৰত-ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰৰ ২০৩২ চনৰ ভিতৰত ২০ হাজাৰ কোটিলৈ বৃদ্ধিত সন্মতি প্ৰকাশ

ভাৰত আৰু ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰই ২০৩২ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ২০ হাজাৰ কোটিলৈ বৃদ্ধিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউনাইটেড আৰৱ আমিৰিৰ শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনাত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, মহাকাশ, শক্তি আৰু খাদ্য সুৰক্ষা খণ্ডত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰা হয়। বৈঠক সন্দৰ্ভত বিদেশ সচিব বিক্রম মিশ্রীয়ে সাংবাদিকৰ আগত কয়, যে দুয়োখন দেশৰ মাজত কৌ...

November 26, 2025 8:07 PM

views 26

বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল’বলৈ ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ সন্মতি প্রকাশ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল'বলৈ সন্মতি প্রকাশ কৰিছে। আবুধাবিত অনুষ্ঠিত বাণিজ্য দূতাবাস পৰিক্ৰমাৰ ভাৰত-ইউ এ ই যুটীয়া সমিতিৰ ষষ্ঠ বৈঠকত আজি দুয়োপক্ষই দুয়োখন দেশতে বাস কৰা প্ৰবাসী লোকসকলৰ সুৰক্ষা, মর্যাদা আৰু সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিজৰ প্রতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে। বৈঠকত ভাৰতীয় প্রতিনিধিসকলক বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সচিব অৰুণ কুমাৰ চেটার্জীয়ে নেতৃত্ব দিয়ে। মন্ত্রালয়ে এই সন্দর্ভত কয় যে দুয়োখন দেশে ...

December 13, 2024 10:07 AM

views 23

নতুন দিল্লীত ভাৰত আৰু ইউ এ ইৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র- ইউ এ ইৰ বিদেশ মন্ত্ৰী শ্বেইখ আব্দুলা বিন জায়েদ বিন চুলতান অল নাহয়ানে আজি নতুন দিল্লীত দেশ দুখনৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠকত সহ অধ্যক্ষতা কৰিব। দুয়োগৰাকী নেতাই কালি নতুন দিল্লীত উভয় দেশৰ চতুৰ্থ কৌশলগত আলোচনাত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে কয়, যে কৌশলগত আলোচনা হৈছে এখন ফলপ্রসূ মঞ্চ, যিয়ে নেতাসকলে প্ৰদৰ্শন কৰা পথক বাস্তৱত ৰূপায়িত হোৱাত সহায় কৰে। তেওঁ কয় যে বৈঠকত সম্ভাৱনাপূর্ণ ক্ষেত্ৰসমূহৰ ...

September 9, 2024 8:31 PM

views 36

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউৰ মাজত ৫ খন চুক্তি স্বাক্ষৰ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউ এ ইয়ে পাৰমানৱিক শক্তি আৰু পেট্রলিয়ামকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৫ খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰে ভিতৰত বাৰাকাহ পাৰমানবিক শক্তি প্ৰকল্পৰ সঞ্চালন আৰু তদাৰক সন্দৰ্ভত এমিৰ্টেছ নিউক্লিয়াৰ এনার্জী কোম্পানী আৰু নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেডৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি আছে। ইয়াৰ উপৰি আবুধাবিত নেচনেল অইল কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্বন লিমিটেডৰ মাজত দীর্ঘকালিন প্রাকৃতিক গেছ যোগান সন্দৰ্ভত এখন চুক্তি সম্পাদিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...