ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছেঃ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছে। নতুন দিল্লীত ভাৰত- ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপনৰ বাবে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় আইন, নিয়ম আৰু নীতি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে। ড০ জয়শংকৰে কয় যে এই সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্দ মার্কছে উল্লেখযোগ্য ভূমিকা গ্রহণ

কৰিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত থকা সহযোগিতাও অধিক আগবাঢ়িছে। তেওঁ লগতে ইয়াকো কয় যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল একত্ৰিত মূল্যায়ন আৰু আগ্ৰহৰ দ্বাৰা সমৰ্থিত। ড০ জয়শংকৰে কয় যে ভাৰত-ফিলিপাইনছৰ সম্পৰ্কও ভাৰতৰ এক্ট-ইষ্ট নীতিৰ স্বাভাৱিক অংশীদাৰ হৈ আহিছে। ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ হোৱা উপলক্ষে এটা বিশেষ ল’গ’ মুকলি কৰা হয়। ড০ জয়শংকৰে কয় যে এই দুয়োখন দেশৰ মাজৰ বিশেষ সম্পর্ক ধৰি ৰাখিছে।