ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ’ব। প্ৰথমখন এদিনীয়াত ভাৰতে ১৭ ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। খেলখনত প্ৰথমে বেট ধৰি বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত ভাৰতে ৮টা উইকেটৰ বিনিময়ত ৩৪৯ ৰান সংগ্ৰহ কৰিছিল। কুলদ্বীপ যাদৱে ৪টা উইকেট দখল কৰে। ৰাঁচীত অনুষ্ঠিত এই খেলতে ৰোহিত শৰ্মাই এদিনীয়া ক্রিকেটত শাহিদ আফ্ৰিদীৰ ৩৫১টা ছিক্সাৰৰ অভিলেখ পাৰ কৰি শীৰ্ষস্থানলৈ অগ্ৰসৰ হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।