ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অহা ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব। ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মন্তব্য কৰিছে। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব। নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে এই শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলি ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰাজে প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতৰ শেহতীয়া সুন্দৰ ফৰ্ম আৰু ইতিবাচক দলীয় পৰিৱেশে ভাৰতীয় দলটোক আত্ম বিশ্বাসেৰে পৰিপূৰ্ণ কৰি তুলিছে।
ইপিনে, ইডেন গার্ডেনছত হ’বলগীয়া টেষ্ট খেলৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ক’লকাতাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দিল্লীৰ লালকিল্লাৰ সমীপত কালি সংঘটিত বোমা বিস্ফোৰণৰ পাছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ বাৰ্মাই কয়, যে সমগ্ৰ মহানগৰখনত উচ্চ সতর্কতা জাৰি কৰা হৈছে আৰু সুৰক্ষাৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। ইডেন গার্ডেনছত তিনি তৰপীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।