December 14, 2025 8:44 PM | PM Modi Jordan Visit

printer

ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী

জর্দানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণ মর্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ জর্দানলৈ ৰাওনা হ’ব। ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ হোৱাৰ সৈতে সংগতি ৰাখি কাইলৈ প্রধানমন্ত্রী মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন দেশৰ মাজত ফছফেট ইন্ধনৰ পৰা আৰম্ভ কৰি গভীৰ সাংস্কৃতিক সম্পর্কলৈকে ভালেমান বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। জর্দানত প্রায় ১৭৫০০ ভাৰতীয় লোকে বাস কৰি আছে। এই লোকসকলক ইতিমধ্যে হাছেমাইট ৰাজ্যৰ অর্থনীতি আৰু সমাজৰ অবিচ্ছদ্য অংগ হৈ উঠিছে। জর্দানত থকা ভাৰতীয় ৰাষ্টদূত মনিষ চৌহানে কাইলৈ আৰম্ভ হবলগীয়া শ্রীমোদীৰ এই ভ্রমণক বাণিজ্য, খাদ্য সুৰক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত সময়ৰ দিশৰ পৰা মাইলৰ খুটি বুলি অভিহিত কৰিছে।

উল্লেখযোগ্য যে, জর্দানে ভাৰতৰ কৃষিখণ্ডত বিশেষ ভূমিকা পালন কৰা সাৰ, বিশেষকৈ ফছফেট আৰু পটাছৰ যোগান ধৰে। ভাৰত আৰু জৰ্দানৰ যুটীয়া সহযোগিতাৰে স্থাপন কৰা জর্দান ইণ্ডিয়া ফার্টিলাইজাৰ কোম্পানী, আই এফ এফ চি অ’ আৰু জর্দান ফছফেট খনিজ কোম্পানী প্রতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানে ভাৰতলৈ ফছফৰিক এচিড যোগান ধৰি ভাৰতত খাদ্য সুৰক্ষাৰ দিশটো শক্তিশালী কৰি তুলিছে। একেদৰে ১৫টা ভাৰতীয় মূলৰ বস্তু উদ্যোগে জর্দানত নিজৰ উৎপাদিত সামগ্ৰীৰ বজাৰ গঢ়ি তুলিছে। অমান আৰু মুম্বাইৰ মাজত মুকলি কৰা পোনপটীয়া বিমান সেবাই দুয়োখন দেশৰ মাজত যোগাযোগ উন্নত কৰি তুলিছে। তদুপৰি জর্দানে ভাৰতীয় যাত্রীসকললৈ ইলেকট্রনিক ভিছাৰ সুবিধাও আগবঢ়াইছে। এই ভিছাৰ জৰিয়তে ব্যৱসায় আৰু পৰ্যটনৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।