December 14, 2025 8:44 PM

views 27

ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী

জর্দানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণ মর্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ জর্দানলৈ ৰাওনা হ'ব। ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ হোৱাৰ সৈতে সংগতি ৰাখি কাইলৈ প্রধানমন্ত্রী মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন দেশৰ মাজত ফছফেট ইন্ধনৰ পৰা আৰম্ভ কৰি গভীৰ সাংস্কৃতিক সম্পর্কলৈকে ভালেমান বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। জর্দানত প্রায় ১৭৫০০ ভাৰতীয় লোকে বাস কৰি আছে। এই লোকসকলক ইতিমধ্যে হাছ...