ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ’ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্রতিভাবান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্থানত ভাৰতৰ অধিনায়ক শুভমন গীলে বেটিং কৰাটো নিশ্চিত হৈছে। ভাৰতীয় দলৰ বেটিং বহু পৰিমাণে অভিজ্ঞ কে এল ৰাহুল আৰু উপ- অধিনায়ক ঋষভ পণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। ভাৰতীয় অ’পেনাৰ য়শস্বী জয়ছোৱালেও ইংলেণ্ডৰ বাৰিষাকালৰ সেমেকা জলবায়ুত ভাল বেটিং প্রদর্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় দলৰ ৩ নম্বৰ স্থানত খেলিবলগীয়া বেটাৰজন কোন হ’ব, এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱা নাই। ভাৰতীয় বলিঙৰ দায়িত্ব প্ৰধানকৈ যশপ্রীত বুমৰা, হৰ্ষিত ৰাণা, ছাদুল ঠাকুৰ আৰু অৰ্শদীপ সিঙৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে, বেন ষ্টোকছ নেতৃত্বাধীন ইংলেণ্ড দলটো জেক ক্ৰলি, বিশ্বৰ টেষ্ট ৰেংকিঙৰ ১ নম্বৰ খেলুৱৈ জো ৰুট, বেন ডাকেট, অলি পোপ, ব্রাইডন কাৰ্ছ আদি কেইবাগৰাকীও ন-পুৰণি খেলুৱৈৰে পুষ্ট।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।