● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ’ভেলত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে।
ইপিনে, অষ্ট্ৰেলিয়াই চতুর্থ খেলখনৰ বাবে দলত কেইবাটাও সালসলনি কৰি ট্ৰাভিছ হেড আৰু শ্বেন এবটক বিশ্রাম দিছে।