ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ’ভেলত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে।

ইপিনে, অষ্ট্ৰেলিয়াই চতুর্থ খেলখনৰ বাবে দলত কেইবাটাও সালসলনি কৰি ট্ৰাভিছ হেড আৰু শ্বেন এবটক বিশ্রাম দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।