● ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব। মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে তেওঁ কাঠমাণ্ডুত উপস্থিত হ’ব। ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা গাৱাইয়ে কাইলৈ এই বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নেপালৰ মুখ্য ন্যায়াধীশ প্রকাশমন সিং ৰাউতৰ সৈতে সুকীয়াকৈ এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্রমণকালত তেওঁ বুদ্ধ সাংস্কৃতিক নগৰী লুম্বিনীৰ লগতে পাটানত অৱস্থিত ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যস্থলী আৰু কাঠমাণ্ডু পশুপতিনাথ মন্দিৰো দৰ্শন কৰিব।
উল্লেখযোগ্য যে চুবুৰীয়া দেশ দুখনৰ মাজত দীৰ্ঘদিন ধৰি ন্যায়িক দিশত পাৰস্পৰিক সহযোগিতা অব্যাহত আছে। ইয়াৰ পূৰ্বে নেপালৰ তৎকালীন মুখ্য ন্যায়াধীশ বিশ্বম্ভৰ প্ৰসাদ শ্রেষ্ঠৰ আমন্ত্ৰণ ৰক্ষা কৰি পূৰ্বৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েও যোৱা বছৰ তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে নেপাল ভ্ৰমণ কৰিছিল।