October 7, 2025 11:57 AM

views 66

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য আছিল- চোৰাংচোৱা তথ্য বিনিময়, যৌথ কাৰ্য্যকলাপ, সমৰ্থ বিকাশৰ পদক্ষেপ, চোৰাংচোৱাৰ দৰে ক্ষেত্ৰত এন চি বি আৰু এছ এছ বিৰ সহযোগিতা তথা সমন্বয় শক্তিশালী কৰা। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সৰ...

September 4, 2025 3:35 PM

views 45

ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব

● ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব। মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে তেওঁ কাঠমাণ্ডুত উপস্থিত হ'ব। ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা গাৱাইয়ে কাইলৈ এই বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নেপালৰ মুখ্য ন্যায়াধীশ প্রকাশমন সিং ৰাউতৰ সৈতে সুকীয়াকৈ এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্রমণকালত তেওঁ বুদ্ধ সাংস্কৃতিক নগৰী লুম্বিনীৰ লগতে পাটানত অৱস্থিত ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যস্থলী আৰু কাঠমাণ্ডু ...

August 16, 2025 8:41 PM

views 45

কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পর্ক আছে আৰু যোৱা...

April 5, 2025 11:33 AM

views 30

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা ফলপ্রসু হৈছে : নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ফলপ্রসু আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। বেংককত অনুষ্ঠিত ষষ্ঠ BIMSTEC সন্মিলনৰ সুযোগতে দুয়োগৰাকী নেতাই কালি এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শ্রীমোদীৰ সৈতে হোৱা আলোচনা অতি গঠনমূলক আছিল আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত নতুন অংশীদাৰ সৃষ্টিত এই আলোচনা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। দুয়োগৰাকী নেত...

March 19, 2025 11:50 AM

views 39

নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বৈঠক

নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰানা দেওবা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে আয়োজন কৰা দশম ৰাইছিনা ডায়লগ শীর্ষ সন্মিলনৰ সুযোগতে মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয়। নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ড০ জয়শংকৰ সৈতে এই বৈঠক অতি ফলপ্রসূ আছিল বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে ভাৰত আৰু নেপালৰ মাজৰ বাণিজ্যিক সহযোগিতা, জলসম্পদ উন্নয়ন বিষয়ত ...