ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ’ কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগত বছৰসমূহত গোলকীয় মহাকাশ অর্থনীতি বহুগুণে বৃদ্ধি পাব আৰু দেশৰ যুৱ চামৰ বাবে বহু নতুন সুযোগ সৃষ্টি হ’ব।

বিগত ৬-৭ বছৰত ভাৰতে ইয়াৰ মহাকাশ খণ্ডক মুক্ত, সহযোগিতামূলক আৰু উদ্ভাৱনৰ দ্বাৰা পৰিচালিত পৰিস্থিতি তন্ত্ৰলৈ ৰূপান্তৰ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে বৰ্তমান ৩০০ৰো অধিক মহাকাশ ষ্টার্ট-আপে দেশৰ মহাকাশ ভৱিষ্যতলৈ নতুন আশা কঢ়িয়াই আনিছে। তেওঁ কয়, যে স্কাই ৰুটৰ ইনফিনিটী চৌহদ হৈছে ভাৰতৰ নতুন চিন্তা-ধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিৰ প্ৰতিফলন। দেশে বর্তমান এই ক্ষেত্ৰত উদ্ভাৱন, বিপদৰ সন্মুখীন হোৱাৰ সামৰ্থ্য, যুৱ শক্তি আৰু উদ্যমীসকলৰ সৈতে নতুন শিখৰত উপনীত হৈছে বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে দেশৰ মহাকাশ যাত্ৰাত নতুন উচ্চতা প্ৰাপ্তিৰ দিশত দশকলৈ ইন্ধন যোগাইছে। ইছৰোৰ বিশ্বাসযোগ্যতা, সামর্থ্য আৰু মূল্যবোধৰ জৰিয়তে ভাৰতে গোলকীয় মহাকাশ প্ৰেক্ষাপটত এটা সুকীয়া পৰিচয় লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।