ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’ব। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব। ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰাজে কয়, যে নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে এই শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। তেওঁ কয়, যে ভাৰতৰ শেহতীয়া সুন্দৰ ফৰ্ম আৰু যোগাত্মক দলীয় পৰিৱেশে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দলটোক আত্ম বিশ্বাসেৰে ভৰপূৰ কৰি তুলিছে।

ইপিনে, ইডেন গার্ডেনত হ’বলগীয়া টেষ্টখনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ কলকাতাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দিল্লীৰ লালকিল্লাৰ সমীপত কালি সংঘটিত বোমা বিস্ফোৰণৰ পাছতে এই ব্যৱস্থা লোৱা হৈছে। কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ বার্মাই কয়, যে সমগ্ৰ মহানগৰখনত উচ্চ সতর্কতা জাৰি কৰা হৈছে আৰু সুৰক্ষাৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। ইডেন গার্ডেনত তিনি তৰপীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।