ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা বাংলাদেশ ভ্রমণসূচীৰে কালি ঢাকাত উপস্থিত

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা কালি চমু বাংলাদেশ ভ্রমণসূচীৰে ঢাকাত উপস্থিত হয়। শ্ৰীকোৱাট্রাই আজি বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্রী হাছান মাহমুদক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে শ্ৰীকোৱাট্টাৰ এই ভ্রমণ সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰি কয় যে আজি তেওঁ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্ৰী হাছান মাহমুদক সাক্ষাৎ কৰাৰ লগতে বাংলাদেশৰ বিদেশ সচিব মাছুদ বিন মোমেনৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। বিগত ফেব্ৰুৱাৰীত বাংলাদেশৰ বিদেশ মন্ত্ৰী হাছান মাহমুদ ভাৰতত উপস্থিত হোৱাৰ সময়ত ভাৰতৰ বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে উষ্ম আদৰণি জনাই উভয় পক্ষৰ আলোচনাৰ মাধ্যমেৰে দেশ দুখনৰ মাজৰ চিৰস্থায়ী বন্ধুত্বক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছিল৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।