ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2025 10:52 AM | Asia Cup 2025

printer

ভাৰতৰ নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয়

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে তিলক বার্মাৰ আকর্ষণীয় বেটিঙৰ সহায়ত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। ভাৰতে ১৪৭ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ ৪টা বলত ৫ উইকেটৰ বিনিময়ত ১৫০ ৰান কৰে। ভাৰতৰ হৈ তিলক বার্মাই ৬৯ ৰান কৰি আউট নোহোৱাকৈ থাকে। শিৱম ডুবেই ৩৩ আৰু সঞ্জু ছেমছনে ২৪ ৰানৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ হৈ ফাহিম আশ্রফে ৩টা উইকেট দখল কৰাৰ লগতে শাহিন আফ্রিদি আৰু আৱাৰ আহমেদে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি পাকিস্তানক প্রথমে বেটিং কৰাৰ বাবে আমন্ত্রণ জনায়। পাকিস্তানে ১৯ অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৬ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ ছাহিবজাদা ফাৰহানে সর্বাধিক ৫৭ আৰু ফখৰ জামানে ৪৬ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্রীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে। তিলক বার্মাক প্লেয়াৰ অৱ দা মেচ হিচাপে আৰু অভিষেক শৰ্মাক প্লেয়াৰ অৱ দা টুর্ণামেন্ট হিচাপে ঘোষণা কৰা হয়।