September 29, 2025 10:52 AM

views 32

ভাৰতৰ নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয়

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে তিলক বার্মাৰ আকর্ষণীয় বেটিঙৰ সহায়ত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। ভাৰতে ১৪৭ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ ৪টা বলত ৫ উইকেটৰ বিনিময়ত ১৫০ ৰান কৰে। ভাৰতৰ হৈ তিলক বার্মাই ৬৯ ৰান কৰি আউট নোহোৱাকৈ থাকে। শিৱম ডুবেই ৩৩ আৰু সঞ্জু ছেমছনে ২৪ ৰানৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ হৈ ফাহিম আশ্রফে ৩টা উইকেট দখল কৰাৰ লগতে শাহিন আফ্রিদি আৰু আৱাৰ আহমেদে এটাকৈ ...

September 27, 2025 7:05 PM

views 25

এছিয়া কাপৰ ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক নাটকীয়ভাৱে ছুপাৰ অভাৰত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাখনৰ ছখন খেলতে অপ্ৰতিদ্বন্দ্বি হৈ ৰয়। ভাৰতে ইতিমধ্যে এছিয়া কাপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে শ্রীলংকাই ছুপাৰ ফ'ৰৰ দুয়োখন খেলতে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। কালি নিশা খেলখন প্রথম...

September 26, 2025 12:05 PM

views 35

এছিয়া কাপ টি-২০ ক্রিকেটত বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত পাকিস্তানৰ

■ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ'ব। কালি পাকিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৩৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ মহম্মদ হেৰিছে ৩১ ...

September 24, 2025 1:05 PM

views 34

এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ আজিৰ খেলত ভাৰত বাংলাদেশৰ মুখামুখি

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত ডুবাই ক্রিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে, প্রতিযোগিতাত যোৱানিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্রীলংকাক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি শ্ৰীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৩ ৰান কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ১৮ অভাৰত ৫টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম ক...