ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেডে ফ্ৰান্সৰ এৰোস্পেচ কোম্পানী ডাছ এভিয়েচনৰ সৈতে ভাৰতত ৰাফেল যুদ্ধ বিমানৰ ফিউজ’লাজ অংশ যৌথভাৱে নিৰ্মাণৰ বাবে চাৰিখন চুক্তিত স্বাক্ষৰ কৰিছে। ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে এই জটিল উৎপাদন কৰিবলৈ লোৱা হৈছে। দেশৰ মহাকাশ উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ লগতে বিশ্বব্যাপী যোগান শৃংখলক সহায় কৰাৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। প্ৰতিষ্ঠান দুটাই যুটীয়া প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে, এই পদক্ষেপে ভাৰতৰ মহাকাশ আন্তঃগাঁথনিত উল্লেখযোগ্য বিনিয়োগক প্রতিনিধিত্ব কৰিব। চুক্তিৰ অধীনত টাটা এডভান্সড চিষ্টেমে ৰাফেল বিমানৰ মূল গাঁথনিগত অংশ নিৰ্মাণৰ বাবে হায়দৰাবাদত এটা অত্যাধুনিক উৎপাদন কেন্দ্র স্থাপন কৰিব। চুক্তি অনুসৰি ২০২৮ চনত ভাৰতত নিৰ্মিত ৰাফেল যুদ্ধ বিমানৰ ফিউজ’লাজ অংশ প্ৰথমবাৰৰ বাবে সাজু হোৱাৰ সম্ভাৱনা আছে। ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌৱে দেশ দুখনৰ মাজত হোৱা এই ঐতিহাসিক চুক্তিক আদৰণি জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মাথৌৱে এই পদক্ষেপক কৌশলগত অংশীদাৰিত্বৰ মাইলৰ খুঁটি বুলি অভিহিত কৰি মেক ইন ইণ্ডিয়া পদক্ষেপ, আত্মনিৰ্ভৰ ভাৰত আৰু বিশ্বব্যাপী মহাকাশ যোগান শৃংখলৰ প্ৰতি ফ্ৰান্সৰ সমৰ্থন দৃঢ়তাৰে প্ৰকাশ কৰে। ডাছল্ট এভিয়েশনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰে কয় যে ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে ৰাফেলৰ ফিউজ’লাজ অংশ নিৰ্মাণ কৰা হ’ব। টাটা এডভান্সড চিষ্টেমছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক সুকৰণ সিঙেও ভাৰতৰ মহাকাশ যাত্ৰাত এই পদক্ষেপক গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে।
Site Admin | June 7, 2025 10:13 AM | Tata Advanced System MoU with Dassault Aviation
ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড আৰু ফ্ৰান্সৰ এৰোস্পেচ কোম্পানী ডাছ এভিয়েচনৰ সৈতে চাৰিখন চুক্তিত স্বাক্ষৰ
