ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰঃ অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰ। এই তথ্য প্রযুক্তি খণ্ডই ৬০ লাখৰো অধিক লোকক সংস্থাপন প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰী বৈষ্ণৱে কয়, যে ষ্টেনফোর্ড এ আই ৰেংকিঙত ভাৰত কৃত্রিম বুদ্ধিমত্তা দক্ষতা, সামৰ্থ্য আৰু কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰৰ নীতিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে স্থান লাভ কৰিছে । তেওঁ কয়, যে ভাৰতৰ কৃত্রিম বুদ্ধিমত্তা ৰণনীতি, সমগ্ৰ দেশতে প্ৰযুক্তিৰ ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনৰ ওপৰত আধাৰিত আৰু ইয়াৰ উদ্দেশ্য হৈছে – ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰা আৰু সকলো ভাৰতীয় নাগৰিকৰ বাবে অর্থনৈতিক তথা নিয়োগৰ সুযোগ সৃষ্টি কৰা।