ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছে৷ শ্ৰী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭ দশমিক ৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে। তেওঁ লগতে কয় যে এইবছৰ বিশ্বৰ সৌৰ খণ্ডই প্ৰায় ২ টেৰাৱাট স্থাপন কৰা সৌৰ ফটোভল্টায়িক ক্ষমতা লাভ কৰিবলৈ সাজু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা অধিৱেশন ভাৰতৰ অধ্যক্ষতাত আৰু সহ-অধ্যক্ষতাত অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।