ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত শ্রীমোদীয়ে আজি এই মন্তব্য কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোৰ বিষয়ে আলোকপাত কৰি কয়, যে বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ অনুভৱ কৰিব পৰাকৈ যথেষ্ট স্মৃতি দি গৈছে। অপাৰেচন সিন্দুৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ কৰিব পৰা আটাইতকৈ উল্লেখনীয় মুহূর্ত বুলি প্রধানমন্ত্ৰীয়ে মত পোষণ কৰে।
বন্দে মাতৰমৰ ১৫০ বছৰীয়া উদযাপনত দেশবাসীৰ স্পৃহা আৰু উদ্যমৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ক্ৰীড়াৰ দিশতো ২০২৫ চনটো উল্লেখনীয় আছিল বুলি তেওঁ কয়। ভাৰতীয় পুৰুষ ক্রিকেট দলৰ আই চি চি চেম্পিয়নছ টুফী দখল আৰু মহিলা ক্রিকেট দলৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপে দখলে দেশবাসীক উৎসাহিত কৰাৰ কথা শ্রীমোদীয়ে উল্লেখ কৰে। মহিলাৰ দৃষ্টিহীন টি-২০ বিশ্বকাপত ভাৰতীয় দলে খিতাপ দখলেৰে যি ইতিহাস ৰচিলে তাৰবাবে প্রধানমন্ত্ৰীয়ে প্ৰতিগৰাকীয়ে খেলুৱৈকে প্ৰশংসা কৰে। বিশ্ব চেম্পিয়নশ্বিপৰ বিভিন্ন শিতানত পদক লাভ কৰা পেৰা এথলিটসকলকো তেওঁ অভিনন্দন জনায়।
বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে এটা শক্তিশালী যুৱ শক্তিৰ বাবে বিশ্বৰ বুকুত ভাৰতে আজি উল্লেখনীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান, নতুন উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সফলতাৰ বাবে এয়া সম্ভৱপৰ হৈছে বুলি তেওঁ কয়।
যুৱ সমাজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে অহা ১২ জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ দিনাই Young Leaders Dialogue অনুষ্ঠিত হ’ব। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানতটোত যুৱ সমাজৰ বৰ্ধিত অংশগ্ৰহণৰ শলাগ লয়। আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে মণিপুৰৰ উদ্যোগী মৈৰাংথেম শেঠৰ বিষয়ে প্রধানমন্ত্রীয়ে বিশেষভাৱে উল্লেখ কৰে। ৰাজ্যখনৰ এখন প্ৰান্তীয় গাঁৱৰ এই লোকজনৰ প্ৰচেষ্টাত অঞ্চলটোত সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে প্রধানমন্ত্ৰীয়ে শলাগ লয়। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত অঞ্চলটোত কেইবাশ পৰিয়ালে সৌৰশক্তি উৎপাদন তথা ব্যৱহাৰ কৰাৰ লগতে বহুতো স্বাস্থ্য সেৱা কেন্দ্ৰও সৌৰশক্তি ব্যৱহাৰৰ উপযোগী হৈ উঠিছে।