December 15, 2025 8:35 PM | skoash

printer

ভাৰতীয় স্কোৱাচ দলৰ স্কোৱাচ বিশ্বকাপ খিতাপ দখল

ভাৰতীয় স্কোৱাচ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাচ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিশ্বকাপ জয়ী ভাৰতীয় স্কোৱাচ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাই কয় যে দলটোৰ জ্যোৎস্না চিনাপ্পা, অভয় সিং, ভি চেন্থিল কুমাৰ আৰু অনাহাত সিঙে দৃঢ়তা আৰু নিষ্ঠাৰে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে। ইয়াৰ ফলত নতুন প্ৰজন্মৰ খেলুৱৈসকল এই ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰি দিয়া বাৰ্তাত এই সফলতাৰে দলটোৱে দেশৰ বাবে গৌৰৱময় ইতিহাস ৰচনা কৰিলে বুলি উল্লেখ কৰে। তেওঁলোকৰ অদম্য উৎসাহে উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰিব বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।