ইয়াৰ আগেয়ে ভাৰতীয় সেনাই জম্মুৰ সমীপৰ কেইবাটাও পাকিস্তানী চকী আৰু কূটাঘাটমূলক কাৰ্যকলাপৰ বাবে সন্ত্ৰাসবাদী প্ৰেৰণৰ ঘাটি স্বৰূপ ভালেসংখ্যক লন্স পেড ধ্বংস কৰিছে। এইসমূহ টিউব লন্স ড্রোন উৎক্ষেপন বাবে ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে আজি পুৱা প্ৰায় ৫ বজাত অমৃতচৰৰ খাছা চাউনীৰ ওপৰত শত্রুপক্ষৰ কেইবাটাও অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত ড্রোন প্ৰত্যক্ষ কৰা হয়। বায়ু প্ৰতিৰক্ষা গোটে ততালিকে এই ড্রোনসমূহ ঘেৰি ধৰে আৰু আকাশতে নষ্ট কৰে। সেনাই আজি নিচেই পুৱা অমৃতচৰৰ আকাশত উৰি থকা পাকিস্তানৰ কেইবাটাও কামিকেজ ড্রোনো নিষ্ক্রীয় কৰে। সেনাই প্ৰকাশ কৰা মতে পাকিস্তানী বাহিনীয়ে ঘন বসতিপূর্ণ আবাসীক এলেকাত আক্ৰমণ কৰাৰ উদ্দেশ্যে আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা পাঞ্জাবৰ অমৃতচৰ অভিমুখে কেইবাটাও ৱাইকাৰ YIHA-3 কামিকেজ ড্রোন নিক্ষেপ কৰে। অৱশ্যে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা নেটৱৰ্কে ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰা কেইচেকেণ্ডমানৰ পিছতে শত্রুপক্ষৰ এই ড্রোনসমূহ চিনাক্ত কৰে আৰু এইসমূহ নিক্ৰীয় কৰে। সীমান্তত নিয়োজিত হিলৈদাৰীসকলে দ্রুত সহাৰি বায়ু প্ৰতিৰক্ষা গানৰ সহায়ত অসামৰিক লোকৰ ঘৰৰ ওপৰত ধ্বংসাবশেষ নপৰাকৈ আকাশতে এই ড্রোনসমূহ ধ্বংস কৰে। প্ৰাৰম্ভিক বিশ্লেষণৰ পৰা ড্রোনসমূহত উচ্চ ক্ষমতা সম্পন্ন বিস্ফোৰক সামগ্ৰী থকা বুলি আৰু নিৰীহ জনসাধাৰণৰ সৰ্বাধিক ক্ষতি সাধনৰ উদ্দেশ্যে ড্রোনসমূহ উৎক্ষেপন কৰা হৈছিল বুলি জানিব পৰা গৈছে।
ভাৰতীয় সেনাই যোৱা নিশা আন্তৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণৰেখাৰ সমীপত বাৰামুল্লাৰ পৰা ভূজ পর্যন্ত ২৬টা স্থানক লক্ষ্য কৰি পাকিস্তানে চলোৱা ড্রোন আক্ৰমণো সফলতাৰে প্ৰতিহত কৰে। এই স্থানসমূহৰ ভিতৰত বাৰামুল্লা, শ্ৰীনগৰ, অবন্তিপ’ৰা, নগ্ৰোতা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিল্কা, লালগঢ় জট্টা, জেইচেলমেৰ, বাৰমেৰ, ভূজ, কুৱাৰবেট আৰু লাখিনালা আছে। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে এই প্ৰচেষ্টাসমূহ ব্যৰ্থ কৰে। অৱশ্যে এই আক্ৰমণত ফিৰোজপুৰৰ এটা বাসগৃহত ক্ষতিসাধন হয় আৰু এটা পৰিয়ালৰ তিনিজন সদস্য আহত হয়।
আহত লোককেইজনক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোক বৰ্তমান নিৰাপদে আছে। ইপিনে, সীমান্ত সুৰক্ষা বাহিনীয়ে পাকিস্তানৰ লুনি আৰু শিয়ালকোট জিলাত থকা সন্ত্ৰাসবাদীৰ কেইবাটাও লন্স পেে ধ্বংস কৰে। পাকিস্তানী সেনাই যোৱা নিশা জম্মু খণ্ডত থকা সীমান্ত সুৰক্ষা বাহিনীৰ কেইাটাও চকীত অপ্ৰৰোচিতভাৱে গুলিবর্ষণ কৰে। সীমান্ত সুৰক্ষা বাহিনীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰত দিয়ে। সীমান্ত সলুৰক্ষা বাহিনীয়ে গুলিবর্ষণত পাকিস্তানৰ সীমান্ত সুৰক্ষা বাহিনী পাকিস্তান ৰেঞ্জাৰ্ছৰ ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। ভাৰতীয় সশস্ত্র বাহিনীসমূহে উচ্চ সতর্কতা অৱলম্বন কৰিছে আৰু আকাশমাৰ্গেৰে অহা সকলো ভাবুকি প্ৰতিহত কৰিছে। পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সীমান্ত অঞ্চলত বাস কৰা জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰাপত্তা বিষয়ক নিয়মসমূহ মানি চলিবলৈ কোৱা হৈছে। ইপিনে, ভাৰতীয় বায়ুসেনাই আদমপুৰত পাকিস্তানী বায়ু সেনাই ভাৰতত এছ-400 প্ৰতিৰক্ষা প্ৰণালী ধ্বংস কৰা বুলি পাকিস্তানৰ চৰকাৰী টিভি চেনেল পি টিভি নিউজ প্ৰচাৰিত বাতৰি স্পষ্টভাৱে খণ্ডন কৰিছে ।