ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান সন্দৰ্ভত এটা বিশেষ আলোচনাত অংশগ্রহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ ঐতিহাসিক অভিযানৰ সফলতাক প্ৰশংসা কৰিছে। তেওঁ কয়, যে ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ এই সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। বিগত এঘাৰ বছৰত কেন্দ্ৰীয় চৰকাৰে মহাকাশ খণ্ডৰ বাবে কৰা কাম-কাজ সমূহৰ কথা উল্লেখ কৰি তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মহাকাশ খণ্ডত ভালেমান সংস্কাৰ সাধন কৰা হৈছে। ড° সিঙে কয়, যে ব্যক্তিগত খণ্ডৰ বাবেও মহাকাশ খণ্ড মুকলি কৰি দিয়া হৈছে আৰু এই ক্ষেত্ৰত উদ্ভাৱন আৰু গৱেষণাই প্ৰসাৰ লাভ কৰিছে। তেওঁ কয়, যে ভালেমান ষ্টার্টআপে মহাকাশ খণ্ডত কাম কৰি আছে। অপাছেন সিন্দূৰৰ সময়ত মহাকাশ আৰু প্ৰযুক্তি বিভাগে আগবঢ়োৱা ভূমিকাৰ কথা উল্লেখ কৰি কয়, যে এই অভিযানত ব্যৱহাৰ কৰা প্ৰযুক্তি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কাৰ্যকালত বিকশাই তোলা হৈছে। ড° সিঙে ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত মহাকাশ খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে। তেওঁ এই আলোচনাৰ সময়ত বিৰোধী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ কথাত অসন্তুষ্টি প্ৰকাশ কৰিছে।