ডাউনলোড
মোবাইল এপ

android apple
signal

June 24, 2025 8:44 PM | PM

printer

ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ’ব নোৱাৰে – প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে, ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হব নোৱাৰে আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে এই ভাষ্য স্পষ্ট ৰূপত দাঙি ধৰা হৈছে। তেওঁ লগতে কয়, যে এই অভিযানৰ জৰিয়তে গোলকীয় পৰ্য্যায়ত ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মসৃণ আৰু অনমনীয় কাৰ্য্যপন্থা বিশ্ববাসীয়ে ইতিমধ্যে দেখা পাইছে। প্রধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত অনুষ্ঠিত আধ্যাত্মিক আৰু নৈতিক আদর্শেৰে পূৰ্ণ দুজন মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত এনেদৰে উল্লেখ কৰে। তেওঁ লগতে দৃঢ়ভাৱে কয়, যে বর্তমান সময়ত লোৱা সকলোবোৰ সিদ্ধান্ত দেশবাসীৰ হিত চিন্তি লোৱা হয়। লগতে সামৰিক শক্তিৰ বাবে ভাৰতৰ আন দেশৰ ওপৰত থকা নিৰ্ভৰশীলতাও ক্রমাৎ কমি অহাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয়, যে সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বৰ্তমান স্বনিৰ্ভৰশীল হৈ উঠিছে। অপাৰেচন সিন্দূৰৰ সময়ত মাত্র ২২ মিনিটৰ ভিতৰতে ভাৰতীয় সেনাই নিজ দেশত নিৰ্মিত অস্ত্ৰৰ ব্যৱহাৰেৰে শত্ৰুপক্ষক আত্ম-সমৰ্পণ কৰিবলৈ বাধ্য কৰোৱাৰ ক্ষমতাই এই কথাকে প্ৰমাণ কৰে। ভাৰতত নিৰ্মিত অস্ত্রসমূহে গোলকীয় পৰ্যায়ত স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ প্ৰতিটো আকাংক্ষা পূৰণ কৰিবলৈ প্ৰতিজন ভাৰতীয়ই শ্ৰী নাৰায়ণ গুৰুৰ শিকনিসমূহ গ্ৰহণ কৰা উচিত। তেওঁ লগতে কয়, যে চৰকাৰে এই দিশত সক্রিয়ভাৱে কাম কৰি আছে। শ্ৰী নাৰায়ণ গুৰুৰ সৈতে জড়িত তীর্থস্থানসমূহক সংযোগ কৰিবৰ বাবে বিকশাই থকা শিৱগিৰি চাৰ্কিটৰ কাম চলি থকাৰ বিষয়েও তেওঁ এইখিনিতে উল্লেখ কৰে। শ্ৰীমোদীয়ে লগতে শ্ৰী নাৰায়ণ গুৰুৰ আশীৰ্বাদ আৰু শিক্ষাই অমৃতকালৰ সময়ছোৱাত দেশক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আস্থা প্ৰকাশ কৰে। ভাৰতীয়সকলে একত্ৰ হৈ এখন বিকশিত ভাৰতৰ সপোন পূৰ্ণ কৰাত সহায় কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে শ্ৰী নাৰায়ণ গুৰুৰ আদৰ্শসমূহ মানৱতাবাদৰ বাবে সম্পদস্বৰূপ। শতবৰ্ষৰ পূৰ্বে শিৱগিৰি মাটত শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথনে ভাৰতৰ স্বৰাজ আন্দোলনক এক নতুন দিশ প্ৰদান কৰিছিল আৰু তেতিয়াৰ সেই কথোপকথনে বৰ্তমানৰ বিকশিত ভাৰতৰ যাত্ৰাকো অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।