ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদানৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান

■ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদান কৰাৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, যে একাংশ ভাৰতীয় নাগৰিকক অলপতে ৰাছিয়াৰ সেনা বাহিনীত নিয়োজিত কৰাৰ বাতৰি পোৱা গৈছে। তেওঁ কয়, যে চৰকাৰে বিগত এটা বছৰত এনেধৰণৰ কামৰ বিপদাশংকা আৰু ভয়াৱহ পৰিণামৰ বিষয়ে অৱগত কৰি আহিছে আৰু নাগৰিকসকলক সতৰ্ক কৰি দিছে। শ্রী জয়ছোৱালে লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাছিয়াৰ বিভিন্ন কৰ্তৃপক্ষৰ সৈতে বিষয়টো উত্থাপন কৰিছে আৰু এনেধৰণৰ নিযুক্তি বন্ধ কৰিবলৈ তথা ভাৰতীয় নাগৰিকসকলক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে। চৰকাৰে প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ পৰিয়ালবৰ্গৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে বুলি শ্ৰী জয়ছোৱালে উল্লেখ কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।