ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা আগবঢ়োৱা হৈছে। ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, এনে বীমাৰ অধীনত প্ৰতিগৰাকী ব্যক্তিলৈ পাঁচ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা আৰু আকস্মিক মৃত্যু অথবা গুৰুতৰ আঘাতৰ বাবে অতিৰিক্ত ২৫ লাখ টকা প্ৰদান কৰা হয়। ইয়াৰ উপৰি পণ্ডিত দিন দয়াল উপাধ্যায় ৰাষ্ট্ৰীয় খেলুৱৈ কল্যাণ কাৰ্যসূচী আঁচনিৰ অধীনত প্ৰাক্তন খেলুৱৈ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক চিকিৎ‍সাৰ বাবে ১০ লাখ টকালৈকে সাহায্য প্রদান কৰা হয়। তদুপৰি বিভিন্ন প্রতিযোগিতাত অংশগ্ৰহণ কৰা তথা প্ৰশিক্ষণৰ সময়ত আঘাতপ্রাপ্ত খেলুৱৈসকলক ১০ লাখ টকা পর্যন্ত সাহায্য প্ৰদান কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।