ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত

অসম লোকসেৱা আয়োগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত কৰিছে। সুদীৰ্ঘ কালৰ প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাৰ বাবে দেৱচৌধুৰীক এই পদবীৰ বাবে মনোনীত কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে। তেওঁ অসামৰিক প্ৰশাসন সম্পৰ্কীয় বিষয়সমূহৰ পাঠদান কৰাৰ উপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে প্ৰস্তুতিৰ প্ৰশিক্ষণ আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।