ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতত নৱনিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গ’ড়ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰতত নতুনকৈ নিযুক্তিপ্রাপ্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গ’ড়ক আদৰণি জনায়। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ৰাষ্ট্রদূতগৰাকীৰ কাৰ্যকালত ভাৰত, আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে নতুন দিল্লীত আমেৰিকাৰ ৰাষ্ট্রদূতগৰাকীক সাক্ষাৎ কৰি ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু ইয়াৰ ফলত পৰৱৰ্তী সময়ত আহি পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। ড° জয়শংকৰে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত নতুন ৰাষ্ট্রদূতগৰাকীৰ শুভকামনা জনোৱাৰ লগতে পৰৱৰ্তী সময়ত দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে বৈদেশিক সচিব বিক্ৰম মিশ্ৰিয়ে আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গড়ক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতেও ছাৰ্জিঅ’ গড় বৈঠকত মিলিত হয়। তেওঁ কয়, যে আমেৰিকা আৰু ভাৰতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক আগুৱাই নিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ। তেওঁ লগতে কয়, যে আমেৰিকাই ভাৰতৰ সৈতে থকা সম্পৰ্ক অধিক সুদৃঢ় কৰিব বিচাৰে । ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই সম্পৰ্কই নতুনত্ব লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।