ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। ইয়াৰ ফলত কালি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৯ ৰানৰ পৰা খেল আৰম্ভ কৰা ভাৰততকৈ আলহী দলটোৱে প্রথম ইনিংছত ২৮৮ ৰানৰ বৃহৎ ব্যৱধানেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰে। সন্ধিয়া তৃতীয় দিনৰ সামৰণিলৈকে আলহী দল দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছৰ খেলত ২৬ ৰানত এটাও উইকেট নেহেৰুৱাকৈ সৰ্বমুঠ ৩১৪ ৰানৰ অগ্ৰগতি লাভ কৰে।
Site Admin | November 24, 2025 8:09 PM | Cricket | India Vs SA | SPORTS
বৰ্ষাপাৰাত দ্বিতীয় ক্রিকেট টেষ্টৰ তৃতীয় দিনত ভাৰতৰ ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছৰ সামৰণি