ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 7, 2024 8:16 PM | Cricket | SPORTS

printer

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত দ্বিতীয় দিনত ভাৰতৰ দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ

এডিলেইডত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত আজি দ্বিতীয় দিনাৰ খেলৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ কৰে। আজি দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই প্রথম ইনিংছত ত্রেভিছ হেডৰ শতকৰ সহায়ত ৩৭৭ ৰান সংগ্ৰহ কৰি ১৫৭ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি পুনৰ বেটিং বিপর্যয়ৰ সন্মুখীন হয় আৰু বৰ্তমান ভাৰতে ৫ উইকেট হাতত থকাৰ সময়ত ঘৰুৱা দলটোতকৈ ২৯ ৰানত পিছপৰি আছে।