ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা নাট্য সংগঠন পিনাকৰ সহযোগত আয়োজিত এই কৰ্মশালাৰ কালি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপস্থিত থাকে । কৰ্মশালাত অংশগ্ৰহণ কৰা ৩২ টি শিশু তথা কিশোৰ-কিশোৰীক মানপত্ৰ আগবঢ়োৱাৰ লগতে কালি প্রশিক্ষার্থীসকলে ৪ খন চুটি নাটো পৰিৱেশন কৰে।