ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 7:09 PM | Barpeta

printer

বৰপেটা জিলাৰ সৰ্থেবাৰীত দুচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পিতা-পুত্ৰৰ মৃত্যু

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ কামাৰপাৰাত আজি এখন দুচকীয়া বাহন আৰু কয়লা কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাত এহাল পিতা-পুত্ৰৰ থিতাতে মৃত্যু হয়। এই ঘটনাত পথৰ কাষত ৰৈ থকা অৱস্থাত এগৰাকী কিশোৰীসহ দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।