ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ জে পি নাড্ডাৰ

● কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত “ন’ বিজেপি”, অর্থাৎ ‘বিজেপিক জানো আহক’ পদক্ষেপৰ অধীনত ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীনাড্ডাই কয়, যে তেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰা আৰু তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে প্ৰযুক্তিৰ লাভ গ্ৰহণ কৰিবলৈ ভাৰতে কৰা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। শ্ৰীনাড্ডাই কয়, যে বৈঠকৰ সময়ত তেওঁ বিজেপিৰ শক্তিশালী সাংগঠনিক পৰিকাঠামো, প্ৰতিটো স্তৰৰ মানুহৰ সৈতে দলৰ গভীৰ সংযোগ আৰু সৰ্বাংগীন তথা উন্নয়নমুখী শাসনৰ প্ৰতি দলৰ দায়বদ্ধতাৰ দৃষ্টিভংগীৰ বিষয়ে কথা পাতে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰীসুনাক আৰু তেওঁৰ পৰিয়ালক সমাগত দীপাৱলীৰ শুভেচ্ছাও জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।