ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বোপান্না-এবডেন যুটীয়ে নেডাৰলেণ্ডছৰ ৰবান হাছ আৰু ছেণ্ডাৰ এৰেণ্ডছক পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীয়ে জাৰ্মানীৰ হেন্ড্রিক জেবেঞ্চ আৰু কনষ্টেনটিন ফ্রেনজেনৰ বিৰুদ্ধে খেলিব। বোপান্না-এবডেন যুটীয়ে নেডাৰলেণ্ডছৰ ৰবান হাছ আৰু ছেণ্ডাৰ এৰেণ্ডছক ৭-৫, ৬-৪ ছেটত পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ কৰে।
পুৰুষৰ ছিংগলছত আজি পুৱা শীৰ্ষ বাছনিৰ জেনিক ছিনাৰে অবাছনি প্রাপ্ত ছাৰ্ব মিয়মিৰ কেকমেন’ভিছক ৬-১, ৬-৪, ৬-২ ছেটত পৰাজিত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত শীর্ষ বাছনিৰ আইগা ছিৱাটেকে তৃতীয় ৰাউণ্ডত য়োলিয়া পুটিনছেভাৰ বিৰুদ্ধে খেলিব।