বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা ২০গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটা প্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে কয় যে বঁটাপ্রাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিবেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে শ্ৰী গুৰু গোবিন্দ সিংজীৰ দুজন সাহসী পুত্ৰ বাবা জোৰাৱৰ সিং আৰু বাবা ফাতেহ সিঙে ধৰ্ম ৰক্ষাৰ বাবে বলিদান দিয়া উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। দুয়োগৰাকী বীৰৰ আত্মত্যাগে সকলো প্রজন্মকে অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে লগতে কয় যে যদিহে দেশৰ প্ৰতিগৰাকী শিশু দেশপ্ৰেম আৰু উচ্চ আদৰ্শৰে উদ্বুদ্ধ হয় তেতিয়া দেশত মানৱতা নিশ্চিত হ’ব। ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে বঁটা প্ৰাপক কেইগৰাকীমান শিশুৰ সাফল্যৰ কথা উল্লেখ কৰে। আকাশবাণীয়েও কেইগৰাকীমান শিশুৰ সৈতে বাৰ্তালাপ কৰে। আগ্ৰাৰ অজয় ৰাজ নামৰ এগৰাকী ৯ বছৰীয়া শিশুৱে আকাশবাণীৰ আগত পিয়াহত আতুৰ হৈ থকা তেওঁৰ পিতৃয়ে নদীত পানী খাবলৈ যোৱা অৱস্থাত ঘঁৰিয়ালে আক্ৰমণ কৰাৰ সময়ত তেওঁ কেনেকৈ পিতৃৰ প্ৰাণ ৰক্ষা কৰিছিল সেই সাহসিকতাৰ কথা সবিশেষ অৱগত কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ বাল দিৱস উপলক্ষে আত্মবলিদান দিয়া দুয়োগৰাকী বীৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে মাতা গুজৰী জী আৰু শ্ৰী গুৰু গোবিন্দ সিংজীৰ শিকনিসমূহে এই দিৱসৰ উপলক্ষত সাহস, দৃঢ়তা আৰু ধৰ্মৰক্ষাৰ কথা প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বীৰ দুগৰাকীয়ে ধৰ্মৰক্ষাৰ বাবে দিয়া আত্মবলিদানে জনসাধাৰণক অনুপ্ৰাণিত কৰি থাকিব।

গৃহমন্ত্রী অমিত শ্বাহে এই দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে শ্ৰী গুৰু গোবিন্দ সিংজীৰ দুগৰাকী পুত্ৰই বলিদান দিয়া কাৰ্যই দেশমাতৃৰ বাবে থকা সমৰ্পন, আত্মবলিদান ৰু ত্যাগৰ কথা প্রতিফলিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।