October 7, 2025 12:34 PM | Badminton | SPORTS

printer

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে জয়েৰে অভিযান আৰম্ভ

● কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি অনুষ্ঠিত গ্ৰুপৰ প্ৰথমখন খেলত ভাৰতে নেপালক ২-০ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কালি অনুষ্ঠিত গ্ৰুপৰ আন এখন খেলত শ্রীলংকাই সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰক পৰাস্ত কৰে। কালি অনুষ্ঠিত আন কেইখনমান খেলত ফ্রান্সে নৰ’ৱেক, আমেৰিকাই ভিয়েটনামক, তুৰস্কই উগাণ্ডাক, চীনে ঘানাক, চাইনিজ টাইপেই ব্রাজিলক, ডেনমার্কে নেডাৰলেণ্ডক পৰাস্ত কৰে।