বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমত বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো মুকলি কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই কোকৰাঝাৰত আয়োজন কৰা বাথৌ পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিয়ে বি টি আৰত শান্তি আৰু উন্নয়নৰ অভূতপূৰ্ব পৰিৱেশৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰে। তেওঁ কয়, যে বড়ো শান্তি চুক্তিৰ পাঁচ বছৰে উন্নয়ন আৰু বিকাশক প্রাধান্য দি ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰত জনসাধাৰণ, চৰকাৰ আৰু সকলো অংশীদাৰৰ সামূহিক ইচ্ছাক প্ৰতিনিধিত্ব কৰিছে।