ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ কচুগাঁৱত এখন জনসভাত অংশগ্ৰহণ কৰিছে। এই সভাত তেওঁ বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ প্ৰচাৰ চলায়। জনতাক সম্বোধি তেওঁ কয়, যে বি পি এফ নাইবা ইউ পি পি এলৰ লগত আসন বুজাবুজিৰে বিজেপি বি টি আৰত নিৰ্বাচনত অৱতীৰ্ণ হ’লে বিজেপিৰ ভাগত পৰা আটাইকেইখন আসনত ৰাইজে দলটোক জয়যুক্ত কৰিব যদিও ৰাইজৰ কাম কৰিবৰ বাবে এয়া পর্যাপ্ত নহয়। সেয়ে বি টি আৰ বাসীৰ সামগ্রিক উন্নয়নৰ বাবে এইবাৰৰ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰি ৰাইজৰ কাম কৰাৰ সুবিধা দিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। ড০ শৰ্মাই বি পি এফ অথবা ইউ পি পি এল কোনো এটা দলেই বিজেপিৰ শত্ৰু নহয় বুলি উল্লেখ কৰি কয়, যে এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ’ব লাগিব। সুদীৰ্ঘ বছৰ ধৰি বিটিআৰত বাসিন্দাসকলে নিজৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।