ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। বাক্সা জিলাৰ অদালবাৰী, হাউলী মাজৰগাঁওত তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উন্নয়নৰ নতুন লক্ষ্যৰে শান্তিপূৰ্ণ বড়োলেণ্ডৰ বিপুল সম্ভাৱনাৰ দিশত কাম কৰিবলৈ দলটো প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে।
সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হোৱা এই ৰাজনৈতিক কুচকাৱাজৰ মাজতে অদালবাৰীৰ পৰা হাউলীলৈ যাত্ৰা কৰোতে বজালী জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমেৰে কথা-বতৰা হয়। ৰাজ্যত চলি থকা উচ্ছেদ কাৰ্য সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয়, যে বজালী জিলাতো সীমান্তৱৰ্তী অঞ্চল, বৰপেটাৰ সৰ্থেবাৰী ৰাজহচক্ৰৰ অন্তৰ্গত কাৱৈমাৰী, গলিবন্ধা আৰু সৰ্থেবাৰীৰ বিভিন্ন ঠাইত কেইবাহাজৰ বিঘা ভূমি অতি সোনকালে দখলমুক্ত কৰা হ’ব। সাধাৰণ ৰাইজক দখলকাৰীক সহযোগ নকৰিবলৈ আহ্বান জনাই ড০ শৰ্মাই ৰাজ্যত এতিয়াও ২৯ লাখ বিঘা মাটি দখলকাৰীৰ কবলত আছে বুলি মন্তব্য কৰে।