● উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি বিৰোধী দলসমূহকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব। চি পি ৰাধাকৃষ্ণনৰ জনপ্রতিনিধিসকলৰ সৈতে এয়া হ’ব উচ্চ সদনৰ সভাপতি হিচাপে প্রথমখন আনুষ্ঠানিক বৈঠক। অহা মাহত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি হ’বলগীয়া এই বৈঠকখনে বিশেষ তাৎপর্য বহন কৰিছে। এই বৈঠকতে চি পি ৰাধাকৃষ্ণনে সংসদৰ সমাগত অধিৱেশনৰ সময়ছোৱাত সুকলমে সদন পৰিচালনা কৰাৰ ক্ষেত্ৰত নেতাসকলৰ সৈতে আলোচনা কৰিব। উল্লেখযোগ্য যে চি পি ৰাধাকৃষ্ণনক শাসকীয় এন ডি এ চৰকাৰে উপ-ৰাষ্ট্ৰপতিৰ প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছিল আৰু তেওঁ যোৱা ৯ ছেপ্তেম্বৰত দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। যোৱা ১২ ছেপ্তেম্বৰত তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কালি উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যসভাৰ সচিবালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ সচিবালয়ৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সচিবালয়ৰ বিভিন্ন কাম-কাজ সন্দৰ্ভতো পৰ্যালোচনা কৰে।
Site Admin | October 7, 2025 11:36 AM | Akashvani News | CP Radhakrishnan | Vice President
বিৰোধী দলকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে উপ-ৰাষ্ট্ৰপতিৰ বাৰ্তালাপ
