নির্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে হ’বলগীয়া উপ-নির্বাচন স্বচ্ছ আৰু মুক্তভাবে অনুষ্ঠিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাবে পর্যবেক্ষণ কৰিবলৈ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ দিছে। এটা বিবৃতিযোগে আয়োগে কৈছে যে, বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১২১ গৰাকী সাধাৰণ পৰ্যবেক্ষক আৰু ১৮ গৰাকী আৰক্ষী পৰ্যবেক্ষকক নিযুক্তি দিয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ বাবে ১২২ গৰাকী সাধাৰণ পর্যবেক্ষক আৰু ২০ গৰাকী আৰক্ষী পর্যবেক্ষক নিযুক্তি কৰিছে। উপ নির্বাচনৰ বাবে ৮ গৰাকী সাধাৰণ পর্যবেক্ষক আৰু ৮ গৰাকী আৰক্ষী পর্যবেক্ষকক নিযুক্তি দিয়া হৈছে। এই পর্যবেক্ষকসকলক ৰাজনৈতিক দল, প্রার্থী আৰু ভোটাৰসকলৰ ওজৰ আপত্তিসমূহ গ্ৰহণ কৰাৰ বাবে সাজু থাকিবলৈ কোৱা হৈছে। ইয়াৰ লগতে তেওঁলোকক ভোটগ্রহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি আয়োগে গ্রহণ কৰা ব্যৱস্থাসমূহ ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈও কোৱা হৈছে।
Site Admin | October 19, 2025 7:59 PM | Election Commission of India
বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে পর্যবেক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ