■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে।
উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব। নির্বাচন আয়োগে কালি ২৪৩ জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে। নতুন দিল্লীত কালি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত কয় যে ৰাজ্যখনৰ ৭ কোটি ৪৩ লাখ ভোটদাতাৰ বাবে ৯০ হাজাৰ ৭১২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে চলিত মাহৰ ১০ তাৰিখে অধিসূচনা জাৰি কৰা হ’ব। ১৭ অক্টোবৰ হ’ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ১৩ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ২০ অক্টোবৰ হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে প্ৰথম বাৰৰ বাবে প্ৰতিটো সমষ্টিত একোগৰাকীকৈ সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰা হ’ব। নির্বাচনী প্রক্রিয়া পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। কোনো ধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হ’ব। শ্ৰীকুমাৰে কয় যে সমগ্ৰ ৰাজ্যখনতে পর্যাপ্ত পৰিমাণে কেন্দ্ৰীয় শসস্ত্র আসক্ষী বাহিনী মোতায়েন কৰা হ’ব। নিচাজাতীয় দ্ৰৱ্য, নগদ ধন আদিৰ ক্ষেত্ৰতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূর্ণভাৱে বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে এইবাৰ ১৭ টা নতুন পদক্ষেপ গ্রহণ কৰা হৈছে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটাদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হ’ব ।
Site Admin | October 7, 2025 12:03 PM | AAP | Akashvani | Akashvani News | Bihar | Bihar Election | Election 2025 | Political News
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ