● নির্বাচন আয়োগে বিহাৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ টা বিধানসভা সমষ্টিত মনোনয়ন প্রক্রিয়া আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত অহা ২০ অক্টোবৰ, মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২৩ অক্টোবৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই পৰ্যায়ৰ বাবে ১১ নৱেম্বৰ ভোটগ্ৰহণ কৰা হ’ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে মনোনয়ন দাখিল প্রক্রিয়া নিয়াৰিকৈ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত কেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ২৪৩ জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ দুয়োটা পৰ্যায়ৰ ভোটগণনা ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত ৭ কোটি ৪২ লাখ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ত পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, সীতামৰ্হি, মধুবনী, পূর্ণিয়া, শ্বেওহৰ, ছুপাউল, আৰাৰিয়া, কিষাণগঞ্জ আৰু কাটিহাৰকে ধৰি ২০ জিলাত ভোটগ্ৰহণ কৰা হ’ব।
Site Admin | October 13, 2025 2:32 PM | Akashvani | Bihar Elections 2025 | Election Commission of India | Political News
বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি
